আজি মই এটা নতুন কটেজ কিনিলো। ফাৰ্মাচিউটিকেল কোম্পানীত নতুন চাকৰি লাভ কৰি হঠাৎ মোৰ ভাল দিন আৰম্ভ হৈছে। পাঁচ মাহৰ দৰমহা জমা কৰি কিনি লোৱা এই পুৰণি নিৰ্মাণশৈলীৰ এই কটেজটো হল এটা বিশাল ঘৰ। বাকীবোৰৰ তুলনাত প্ৰায় পানীৰ দামত এই ঘৰটো কিনিছো। ৭০ হাজাৰ ইউৰোৰ এই বিশাল কটেজ ঘৰটো মাত্ৰ কপালৰ গুণতেই পাব পাৰি। তাত আগতে সেইটো এটা গীৰ্জা আছিল। মই সিদিনা গোটেই দিন সম্পূৰ্ণ কটেজটো ঘূৰি ঘূৰি নিৰীক্ষণ কৰিলো। বহুতো পুৰণি ঘৰত ভুগৰ্ভস্থ কুঠৰি থাকে, কিন্তু আমাৰ কটেজটোৰ ভুগৰ্ভস্থ কুঠৰি বেছ ভিন্ন ধৰণৰ। একলগে পাঁচটা ঘৰ আটাইকেইটা ধাতুৰ ৰদেৰে আবৰা। যেন জেলখানা জেলখানা ভাব হয়।
ওপৰত এটা বিশাল লাইব্ৰেৰিত আছে পুৰণি বহী কিতাপৰ ঠাক। লাইব্ৰেৰীত বহু কিতাপৰ মাজত এখনি পৰণি বাইবেলে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। এনে লাগিল যেন বাইবেলখনে নিজে মোৰ হাতখন তাৰ ওপৰলৈ লৈ গল। বাইবেলৰ ১ম পৃষ্ঠাটো ওলোটাই এটা বস্তু মন কৰিলো বাইবেলৰ প্ৰতিটো পৃষ্ঠাৰ এপিঠিত ছপা আৰু আন পিঠিত গ্ৰেফাইটৰ সৰু সৰু হাতৰ আখৰেৰে প’লিচ ভাষাত কিবা লিখা আছে। ধৰ্মকৰ্মত মোৰ ইমান আগ্ৰহ নাই। বাইবেলখনৰ ধাৰ্মিক কথাবোৰ বাদ দি উল্টাফালৰ লেখাবোৰ পঢ়িবলৈ ধৰিলো। লেখাখিনিৰ উপৰৰ শিৰোনামা আছিল ডাইনী। তাৰ প্ৰথম পৃষ্ঠাৰ সৰল অসমীয়া অনুবাদ হব এনেকুৱা,
” মই এজনী হতভাগিনী। মোৰ নাম এলেচ ভণ্টেইজিয়ান। মোক তেওঁলোকে ডাইনীবিদ্যা চৰ্চাৰ অপৰাধত ইয়ালৈ ধৰি আনিছে। মোৰ দেউতাৰ এটি অতিথিশালা আছিল। মাৰ বহুত আগতেই মৃত্যু হৈছে। কেইসপ্তাহমানৰ আগতে দেউতায়ো মোক এৰি গুচি গল। দেউতাৰ মৃত্যু পিছত মই অতিথিশালাৰ মালিক হলেও তেওঁক হেৰুওৱা দুখত কামত মন নিদিয়া হৈছো। সকলো একে স্বাভাবিক হৈয়ে আছিল। কিন্তু বিপত্তিটো ঘটিল দুদিন আগেয়ে। আমাৰ অতিথিশালাত এজন অতিথিৰ মৃত্যু হল। মই যিখিনি জানো মানুহজনে অতিৰিক্ত মদ গিলি মৃত্যু হৈছে। কিন্তু কোনোবাই যেন উৰাবাতৰি প্ৰচাৰ কৰিলে মই হেনো ডাইনী। ডাইনী বিদ্যা প্ৰয়োগ কৰি মই মোৰ দেউতা আৰু সেই মানুহজনক খুন কৰিছো। । তাৰ পিছত গীৰ্জাৰ প্ৰিষ্টৰ নিৰ্দেশত মোক ইয়ালৈ বন্দী কৰি অনা হল।
অতিথিশালাটো গীৰ্জাৰ সম্পত্তি হিচাপে দখল কৰি লোৱা হল। ডাইনীবিদ্যা একো নাজানো মই। তাৰপিছতো মোৰ পিঠিত চাবুকৰ কোব শোধোৱা হল। কিমানবাৰ মই তেওঁলোকক কলো মই ডাইনী নহয়। মই এলেচ। তোমালোকে সকলোকে মোক চিনি পোৱা। প্ৰতিবাৰে মই গীৰ্জালৈ প্ৰাৰ্থনাৰ বাবে আহো, কিন্তু কোনোৱে মোৰ কথা নুশুনিলে। এসময়ত মই জ্ঞান হেৰুৱাই পেলালো। তাৰ পিছত সাৰ পাই দেখি দেখিলো মই ইয়াতে পৰি আছো। নাজানো আৰু কিমান শাস্তি মই সহ্য কৰিব লাগিব। তাৰ পিছতো মই পণ কৰিছো যি নহলেওঁ মই কোনো ডাইনীৰ অপবাদ স্বীকাৰ নকৰো। বাইবেলখন মোৰ কুঠৰিটোৰ এটা কোনত পৰি আছিল। কাষত থকা গ্ৰেফাইটৰ টুকুৰাএটাৰে পবিত্ৰ বাইবেলত মই ইশ্বৰৰ নামত শপত খাই লিখিছো, মই ডাইনী নহয় “
প্ৰথম পৃষ্ঠাটো পঢ়াৰ পিছত মনৰ অজানিতে এই ছোৱালীজনীৰ বাবে চকু পানী ওলাই আহিল। মই জানিছিলো মধ্যযুগত এনেদৰে ছোৱালীবোৰক ডাইনীৰ অপবাদ দি মাৰি পেলোৱা হৈছিল কিন্তু ভবা নাছিলো ময়ো এনে এক ভিক্টিমৰ সৈতে পৰিচিত হম। বুজিবলৈ পৰিলো আমাৰ ঘৰটো তেতিয়াৰ গীৰ্জা আছিল আৰু কটেজৰ ভুগৰ্ভস্থ পাঁচ কুঠৰিৰ কোনো এটাত এলেচক বন্দী কৰি ৰখা হৈছিল। তাৰ পিছত পৃষ্ঠাত বাইবেলৰ লেখাটো ওলোটাই দিয়াত এলেচৰ লেখাটো পালো।
”আজি দুদিন হল মই ইয়াতে আছো মোক এটুপিও পানী খাবলৈ দিয়া হোৱা নাই। মোৰ বাথৰুম কৰাৰ প্ৰয়োজন হোৱাত মই সিহঁতক কিমান যে মাতিলো কোনোৱে মোক বাহিৰলৈ লৈ নাহিল। শেষত বাধ্য হৈ চুকত কৰি দিলো। হে ঈশ্বৰ, কি অপৰাধত এই শাস্তি দিছা মোক। মই কান্দিবলৈ লৈ আকৌ অজ্ঞান হৈ পৰিলো। মোৰ টোপনি আহিল। মাক সপোনত দেখিলো। মায়ে মোৰ বাবে ৰুটি আৰু ভাজি লৈ আহিছে। তাৰপিছত হঠাৎ সাৰ পাই দেখিলো এটা এন্দুৰ মোৰ ভৰিৰ ওপৰেৰে আগবাঢ়ি আহিছে। সেইটো ধৰি তাৰ গলত কামুৰি দিলো। দুদিন লঘোনে থকাৰ বাবে এই লেতেৰা এন্দুৰটোৰো তেজখিনি মোৰ তৃষ্ণাতুৰ গলটোৱে অমৃতযেন অনুভৱ কৰিলে। । এন্দুৰটো খাবলৈ ধৰাৰ সময়তেই পহৰাদাৰে মোক দেখা পালে। সি চিঞৰি চিঞৰি কবলৈ ধৰিলে মই হেনো এন্দুৰটো খাই প্ৰমাণ কৰি দিছো মই এজনী ডাইনী। আৰু কেইজনমান পহৰাদাৰে তাৰ সৈতে যোগ দিলে। মই কলো মই ক্ষুধাৰ্ত বাবেই এয়া খাইছো কিন্তু তেওঁলোকে নুশুনিলে। এজনে লোহাৰ ৰদৰ ফাকেৰে হাতখন সোমাই দি মোৰ গালত এটা প্ৰচণ্ড চৰ শোধালে। মই মাটিত পৰি গলো। সিহঁতে মোৰ পৰা সেই আধা খোৱা এন্দুৰটো লৈ গল। বাকীবোৰক মোৰ ডাইনী বিদ্যাৰ প্ৰমাণ দেখুৱাব বোলে। আজি যি ঘটিল তাত সিহঁতৰ ওচৰত মই ডাইনী হোৱাৰ অপৰাধ প্ৰমাণিত হৈ গল। কিন্তু ঈশ্বৰে তো জানে মই ডাইনী নহয়, ময়ো ইশ্বৰৰ একনিষ্ঠ সেৱক।”
দ্বিতীয় পৃষ্ঠা পঢ়াৰ সময়ত মই কান্দি উঠিলো। ছোৱালী এজনীৰ ওপৰত চলা অমানুষিক নিৰ্যাতনৰ মৰ্মস্পৰ্শী বৰ্ণনা পঢ়ি মই নিজকে চম্ভালিৱ নোৱাৰা হলো। মাৰ নম্বৰটোত উদভ্ৰান্তৰ দৰে ভিডিঅ কল কৰিবলৈ ধৰিলো। মায়ে মোৰ চকু আৰু ফুলি উঠা নাকটো চাই আচৰিত হৈ উঠিল। মই মাক কলো তোমাক বহুত মিছ কৰিছো মা। সেয়ে চকুলৈ পানী আহিছে। মায়ে মোক কিছুসময় চাই থাকি হাঁহিলে আৰু কলে,
“ধুৰ মিছ কৰিলে কান্দে নেকি। আহা সপ্তাহত মই তোৰ ঘৰলৈ যাম। “..... নানা কথা পাতি শেষত মোৰ মনটো ভাল হৈ গল। সিদিনা আৰু এলেচৰ ডায়েৰীটো পঢ়া নহল। এখন কমেডি মুভি চাই ভাত খাই সোনকালে শুই পৰিলো। ৰাতিপুৱা মোৰ অফিচ আছে।
সিদিনা ৰাতি মই এক আছৰিত সপোন দেখিলো। সপোনত দেখিলো আমাৰ কটেজৰ পিছপিনে কুৱাৰ কাষত এটি অগ্নিকুণ্ড জ্বলি জ্বলি এসময়ত এটা নাৰীমূৰ্তিৰ আকৃতি ধাৰণ কৰিলে, আৰু পিছত এটা ভয়ানক কৰ্কশ চিৎকাৰ এৃটা আহিল, আৰু অগ্নিকুণ্ডটো হঠাৎ নোহোৱা হৈ আগৰদৰে হৈ গল।
পিছদিনা ৰাতিপুৱা শুই উঠি দাত ঘহি ঘহি থাকোঁতে বাথৰুমৰ আইনাখনত চকু পৰিল। ধূলিৰ ভৰপূৰ আইনাখনত যেন সৰু সৰু হাতৰ আখৰেৰে এলেচে পলিচ ভাষাত কিবা লিখি দিছে। চমক খাই দুখোজ পিছুৱাই আহিলো। তাৰ পিছত ভয়ে ভয়ে আগুৱাই গৈ আইনাত ভালকৈ চাই দেখিলো তাত একো লিখা নাই। গোটেইখিনি ধূলিময়। আপোন মনেৰে হাঁহিবলৈ আৰম্ভ কৰিলো। বুজিলো এইবোৰ অচেতন মনৰ কল্পনা। সিদিনা অফিচৰ শেষত ক্লান্ত হৈ ঘৰ উভতি আহি শুই পৰিলো। আবেলি শুই পৰিছিলো বাবে কোনো লাইট জ্বলোৱা হোৱা নাছিল। মোৰ ঘৰটো ৰাতিৰ অন্ধকাৰত ডুবি থাকিল। মাজৰাতি এটা কৰুণ কান্দোনৰ শব্দত টোপনি ভাঙি গল। ৰুমটো আন্ধাৰ বাবেই একো দেখা পোৱা নাছিলো মই। কিন্তু এনে লাগিছিল কান্দোনটো লাইব্ৰেৰীৰ পৰাই আহিছে। খেপিয়াই খেপিয়াই ৰুমৰ লাইটটো জ্বলাই লাইব্ৰেৰীটোলৈ আহিলো। যোৱাৰ সময়ত হাতত ছুৰীখন লৈ আহিলো। ৰুমটোত সোমোৱাৰ লগে লগেই কান্দোনৰ শব্দটো কমি গল.। লাইব্ৰেৰীৰ চুইচবোৰ্ডখন বিচাৰি লাইটটো জ্বলালো। লাইব্ৰেৰীত একো নাই। কিন্তু বাইবেলখন টেবুলত খোলা হৈ পৰি আছে। মই কাষলৈ গৈ দেখিলো আগতে যে এলেচৰ দুটি পৃষ্ঠা যে মই পঢ়িছিলো তাৰ পৰবৰ্তী পৃষ্ঠা মানে তৃতীয় পৃষ্ঠাটো খোল খাই আছে। যেন মোৰ পঢ়াৰ অপেক্ষাত। কিন্তু মোৰ স্পষ্টকৈ মনত আছে শেষবাৰ মই বাইবেলখন বন্ধ কৰি চেলফত তুলি ৰাখিছিলো, কিন্তু আজি সেয়া টেবুলত আহিল কিদৰে? ভাবি ভাবি বাইবেলখন তুলি লৈ এলেচৰ লিখাবোৰ আকৌ পঢ়িবলৈ আৰম্ভ কৰিলো। তাই লিখিছে,
https://steemit.com/assamese/@jonakaxom/daini-part-2-assamese-books-online-free
-চানজিদা চুলতানা
-স্বপ্ননীল আকাশ
(ভাবানুবাদ)